কংগ্ৰেছৰ দুগৰাকী কাৰ্যকৰী সভাপতিয়ে পদত্যাগ কৰিছে।
কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে আজি প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে। তেওঁ APCCলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। জানিব পৰা মতে, তেওঁ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে। ৰাণা গোস্বামীয়ে APCCৰ সভাপতিলৈ এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।
অহা লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত পুনৰ গৰাখহনীয়া হৈছে। জানিব পৰা মতে, ৰাণা গোস্বামীয়ে শীঘ্ৰে বিজেপিত যোগদান কৰাৰ খবৰ পোৱা গৈছে। তেওঁ ২০২৬ চনত অসম বিধানসভাত তিতাবৰৰ পৰা বিধায়ক হোৱাৰ আশাত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কোৱা হৈছে।
যিসময়ত APCCৰ সভাপতিয়ে কংগ্ৰেছত বহু নেতাই যোগদান কৰিব বুলি দাবী কৰিছে, সেই সময়মতে কংগ্ৰেছৰ পৰাই বহু শীৰ্ষ নেতাই পদত্যাগ কৰি দলত খলকনিৰ সৃষ্টি কৰিছে।
Discover more from Rodali News
Subscribe to get the latest posts sent to your email.






