চন্দ্ৰ কুমাৰ আগৰৱালা (ইংৰাজী: Chandra Kumar Agarwala; ১৮৬৭-১৯৩৮) অসমৰ এজন কবি আৰু লেখক। অসমীয়া সাহিত্যত ৰোমাণ্টিকতাবাদৰ সূচনা কৰা লেখকসকলৰ ভিতৰত তেখেত আছিল অন্যতম। জোনাকীৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা ‘বনকুঁৱৰী’য়েই আছিল প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা। আগৰৱালাক “প্ৰতিমাৰ খনিকৰ” বুলিও অভিহিত কৰা হয়। তেখেত জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক আৰু সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য আছিল। ‘জোনাকী’ আলোচনীৰ জৰিয়তে আধুনিক অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙনিৰ বাবে আগৰৱালাৰ লগত লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক একেলগে ‘জোনাকী যুগৰ ত্ৰিমূৰ্তি’ বুলি কোৱা হয়। বনকুৱঁৰী, তেজীমলা, মাধুৰী, বীণবৰাগী, মহাত্মা আদি তেওঁৰ অন্যতম কবিতা।
চন্দ্ৰ কুমাৰ আগৰৱালা অসমৰ এজন বিশিষ্ট সাহিত্যিক, কবি, সাংবাদিক আছিল। অসমীয়া সাহিত্যৰ ৰোমাণ্টিকতাবাদৰ যুগ জোনাকী যুগৰ অগ্ৰণী জনগোষ্ঠী।
চন্দ্ৰ কুমাৰ আগৰৱালা আছিল লেখক আৰু কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ ভাতৃ আৰু ককাক… জ্যোতিপ্ৰসাদ আগৰৱালা, এগৰাকী বিশিষ্ট কবি, নাট্যকাৰ, সুৰকাৰ, গীতিকাৰ, সাহিত্যিক আৰু প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা।
তেওৰ উদ্ধৃতিসমূহ
- সুন্দৰৰ আৰাধনা জীৱনৰ খেল।
- অসমীয়া জাতিৰ প্ৰতিভা ভাগ্যৰ জাপৰ তলত লুকাই আছে। সুযোগ আৰু সুবিধা পালেই এদিন সি ভমকাই উঠিব।
- “আমাৰ উদ্যেশ্য কি অনেকেই সুধিব৷ সম্প্ৰতি ইয়াকে ক’লেই হ’ব যে আমাৰ কাৰ্য্য দেখি আমাক সকলোৱে বুজিব পাৰিব৷ আমাৰ কামটি বুজিব নোৱাৰা সাঁথৰ নহয়৷ ৰাজনীতি আমাৰ ’ৰাজ্য’ৰ বাহিৰ৷ এই পৰাধীন দেশত ’প্ৰজানীতি’হে ধৰিবলগীয়া৷ সাহিত্য, বিজ্ঞান,সমাজ ইত্যাদি আমাৰ আলোচনাৰ বিষয়৷ এইবিলাক সাধ্যমতে বুজিবলৈ আৰু প্ৰকাশ কৰিবলৈ যত্ন কৰিম৷ বাদ-প্ৰতিবাদ আমি আদৰেৰে আমাৰ কোলাত ঠাই দিম৷ সেইবুলি ব্যক্তিগত নিন্দাক ওচৰ চাপিবলৈ নিদিওঁ, ভাষালৈ আমাৰ বিশেষ চকু থাকিব৷ অসমৰ আটাইশ্ৰেণীৰ মানুহে যাতে আমাক মৰম কৰে, তালৈ আমি যত্ন কৰিম৷ নকৈ উঠি অহা অসমৰ নিমিত্তে আমাৰ আটাই শক্তি ব্যয় কৰিম৷ এই পিছপৰি থকা আন্ধাৰ দেশলৈ অলপ জোনাক সুমুৱাব নোৱাৰিলেও যদি নিজে নিজেও যত্নৰ ফিৰিঙতিৰ পোহৰত বাট পাওঁ তেনে আমাৰ শক্তিৰ মিছা ব্যয় হোৱা নাই বুলি ভাবিম৷’’(জোনাকী, প্ৰথম সংখ্যা, মাঘ ১৮১০ শকাব্দ)
- মানুহৰ জন্ম সাৰ্থক হৈ উঠিব যদিহে মানুহে মানুহক মৰমৰ চকুৰে চায়৷
মহৎ লোকৰ অমৰ বাণী
দেশক ভালপোৱা আৰু দেশৰ কাৰণে কাম কৰা অসমীয়া নথকা নহয়, আছে,আৰু যিমান আছে তাতকৈ বহুত বেছি আছে দেশৰ কাম কৰিছোঁ বুলি ঢাক-ঢোল পিটি বা নিপিটি নিজৰ স্বাৰ্থ পূৰণ কৰা অসমীয়া। কিন্তু আগৰৱালাৰ দৰে মনে-প্ৰাণে আৰু নিঃস্বাৰ্থভাৱে অসম আৰু অসমীয়াক ভালপোৱা আৰু অসমীয়াৰ হিত চিন্তা কৰা অসমীয়া কেইজন আছে? লক্ষ্মীনাথ ফুকন
Discover more from Rodali News
Subscribe to get the latest posts sent to your email.







